The pics show the ONLY assamese electronics group that has been maintained in for two years .
The group has already created simple yet usable solutions
-3 versions of LED reading lamp
-solar street light
-inverters 2 versions
- A chargeable fan
- A just 2wire only water level system
- bench power supply
- how to create AHUJA replacement MIC system
-converter for pC speakr to Mic system
এই ‘মেক ইন অসম’ৰ উদ্দেশ্য আগত ৰাখিয়েই তেওঁ
সহজ ইলেকট্ৰনিক্স টক্ অসম (অসমীয়া ডি আই ৱাই) (Sohoj Electronics Talk Asom
(Assamese DIY)) (https://www.facebook.com/groups/428951677186998/) নামেৰে এটা ফেচবুক গ্ৰুপ আৰম্ভ কৰিছিল। আমাৰ মানুহৰ চিন্তাধাৰা
যে আনতকৈ কোনোগুনে পিছপৰা নহয়, ই তাৰ এক উত্কৃষ্ট নিদৰ্শন। বৰ্তমান এই গ্ৰুপৰ সদস্যৰ
সংখ্যা কেইবা হাজাৰ। বিৰুপক্ষ নাথ, নিলোত্পল গগৈৰ দৰে ব্যক্তিসকলে গ্ৰুপটোৰ কামকাজ
আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগ আগবঢ়াই গৈছে।
এই গ্ৰুপৰ
কাম-কাজ সম্বন্ধে চমুকৈ উল্লেখ কৰিব বিচাৰিছো – এই গ্ৰুপৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ
অসমীয়া ভাষাৰে ইলেকট্ৰনিক্সৰ বিষয়ে জ্ঞানৰ আদান-প্ৰদান। কোনোৱে ইলেকট্ৰনিক্সৰ বিষয়ে
বিশেষকৈ আমাৰ দৈনন্দিন ব্যৱহাৰ্য্য সা-সৰঞ্জাম আদিৰ বিষয়ে আৰু লগতে আন অনুষাংগিক বিষয়তো
কোনোবাই কিবা জানিব বিছাৰিলে গ্ৰুপৰ মূল হোতা শ্ৰীমান হাজৰিকা, নাথ তথা গগৈৰ লগতে নানাজনে
এই বিষয়ে জনায়। ইয়াৰ লগত ঘৰতে নিজাকৈ সাজিব পৰা বিভিন্ন সঁজুলিৰ বিষয়ে নিয়মীয়াকৈ বিভিন্ন
পষ্ট দি থকা হয়। এই পষ্টবোৰ মাত্ৰ ইন্টাৰনেটৰপৰা আনি দি দিয়া পষ্ট নহয়। কেইবাটাও সঁজুলি
গ্ৰুপৰ ব্যক্তিয়ে নিজে ডিজাইন কৰা বা ইন্টাৰনেটৰ পৰা দিয়া সৰহসংখ্যক পষ্ট সঁজুলিটো
তৈয়াৰ কৰি পৰীক্ষা কৰা। ইয়াৰ লগতে নেটত থকা পষ্টৰ বৰ্তনীসমূহ খুঁতসমূহ দূৰ কৰি বা ট্ৰেন্সজিছটৰ
আদিৰ পৰিপূৰক আদি দি নতুনকৈ পষ্ট কৰা হয়। এইবাবেই এই গ্ৰুপত দিয়া পষ্টবোৰ চাই যিকোনোএজনে
সহজতে সঁজুলিএবিধ সাজিব পাৰে। কিন্তু বিভিন্ন ইলেকট্ৰনিক্স সঁজুলি সজাৰ ক্ষেত্ৰত এটা
প্ৰধান অন্তৰায় হৈছে পাৰ্টচ উপলব্ধ নোহোৱাটো। ইয়াৰ বাবে এই গ্ৰুপত এটা গ্ৰুপ বাই নামেৰে
ব্যৱস্থা ৰখা হৈছে। গ্ৰুপত ইতিমধ্যে পষ্টকৰা কিছুসংখ্যক সঁজুলিৰ বাবে প্ৰয়োজনীয় পাৰ্টচসমূহ
গ্ৰুপবাইৰ জৰিয়তে বিতৰণ কৰা হয়।
Comments
Post a Comment